শ্ৰী শ্ৰী মাধৱ থান –

বৰপানী নৈৰ দাঁতিতে মাধৱ পাহাৰৰ গাতে শ্ৰী শ্ৰী মাধৱ থান অৱস্থিত । ইয়াত নামঘৰ আকৃতিৰ এটা ডাঙৰ শিল আছে । তাৰ গাতে এটা গুহা আছে । এই গুঁহাৰ দোৱাৰ কলিযোগ আৰম্ভ হোৱাৰৰ লগে লগে বন্ধ হৈ গৈছে বুলি জনশ্ৰূতি আছে ।মাধৱৰ পদশিলা স্থাপন কৰি বৰ্তমান এই গুহাৰ মুখতেই এটা সৰু মন্দিৰ সাজি পূজা-অৰ্চ্ছনা কৰি থকা হৈছে । পূৰ্ৱে এই গুহাটো যথেস্ট দিঘল আৰু দ আছিল । এই গুহাতেই মাধৱৰ কিছু সোণ-ৰূপৰ অলংকাৰ, সাজপাৰ আদি বয় বষ্টু আছিল বুলি মানুহে কয় । প্ৰায় ১৬০ বছৰৰ আগতে এই গুহাতেই এজন সন্ন্যাসিয়ে বাস কৰি পুজা-সেৱা কৰি আছিল সেই সময়ত পাহাৰটো বাঘ, হৰিণ, আদি নানা বন্য জন্তুৰে ভৰি আছিল । সেই অজ্ঞাত সৈন্ন্যাসি জনেই নদীৰ কিনাৰৰ ইউৰিয়াম গছ এজোপাৰ তলত মাধৱৰ পদশিলা স্থাপন কৰি পূজা অৰ্চ্ছনা কৰি আছিল । তেঁওৰ পাছত ক্ৰমে পূজাৰি ৰামদাস নেপালী, মতিৰাম বিহাৰী, মোহন দাস, ভূলা বাবা, লক্ষণ বাবা, গহিন ডাৰিয়া, মহানন্দ বৈষ্ণৱ, কৈলাস বৰা, হৰিমন মেধি, কৃষ্ণ ভকত, ডম্বৰু বৰা আৰু মামূল ভূঞা (বৰ্তমান) পূজাৰিৰ দায়িত্ব লয় । ভূলা বাবাৰ দিনৰে পৰাই থানলৈ দূৰদূৰনিৰ ধৰ্মপ্ৰান লোকৰ সমাবেশ ঘটে ।