সঃ প্ৰতিবেদন

পৰম শ্ৰদ্ধাভাজন শ্ৰীশ্ৰী মাধৱ থান বিষ্ণু থান আৰু গণেশ থান পৰিচালনা সমিতিৰ সভাপতি, উপ-সভাপতি, সহ-সম্পাদক আৰু কাৰ্যকৰী সদস্য সকল, উত্সৱ সমিতিৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, সমবেত ভক্ত বৈষ্ণৱ, সাধু-সন্ত আৰু আই-মাতৃ সকল । বিগত ২৬-০৩-২০১১ তাৰিখৰ সাধাৰণ সভাৰ পৰা এতিয়া লৈকে ২০১৪ চনৰ এপ্ৰিল মাহৰ ৩০ তাৰিখৰ লৈকে তিনি বছৰীয়া কাৰ্যকালৰ এটি চমু বিবৰণ আপোনাসৱৰ ওচৰত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে । আপোনাসৱৰ অকুণ্ঠ সহায়-সহযোগীতা সাৰথি কৰি স্বয়ং বিদেঘ্ মাধৱে পদাৰ্পণ কৰা মাধৱ থান খনিৰ সৰ্বাংগ মুখী উন্নতিৰ হকে মাধৱ খান দশম খন পৰিচালনা সমিতিয়ে যথাসাধ্য চেষ্টা কৰি আহিছে । তাৰে কেইটি মান বিষয় আপোনাসৱৰ আগত দাঙি ধৰা হৈছে । থানৰ ঘৰ উন্নয়ন: থানৰ মূল নামঘৰটি ৰাস্তাৰ কিনাৰে কিনাৰে এখন পকী বেৰ দি বাৰাণ্ডা খন মূল নামঘৰৰ লগত সংযোগ কৰি দিয়া হয় আৰু সন্মুখৰ ফালেও বাৰাণ্ডা খন মূল নামঘৰৰ লগত সংযোগ কৰি দিয়া হয় । লগতে পথৰ কাষে কাষে ৬ফুট ওখ ৭২ফুট দীঘল এখন পকাৰে বেৰ দিয়া হয় । থানৰ প্ৰৱেশদ্বাৰত এটি স্থায়ী পকী তোৰণ বনোৱা হয় । নামঘৰৰ সন্মুখত কিছু মাটি পেলোৱা হয় । জিৰণি চালিৰ পশ্চিম দিশত এটি পকাৰ ঢাপ মৰা হয় আৰু অলপ মাটিও ভৰোৱা হয় । মাধৱ থানৰ কাযতে থকা শিৱ মন্দিৰটো সামান্য পৰিমাণে উন্নত কৰা হয় । থানৰ প্ৰস্তাৱ গাৰ আৰু শৌচাগাৰ এটিও পকী ঢালাই দি বনোৱা হয় । তাৰো পৰি মূল নামঘৰৰ সন্মুখত দীঘলীয়া কৈ তিনি খুঁটালিৰ এটি নতুন মণিকূটৰ ঘৰ বনোৱা হয় লগতে সাত খল পিয়া কাঠৰ আসন এখন বনোৱা হয় । সন্মুখত সিংহ দুজন ৰাখিবৰ বাবে পকী ষ্টেইন দুটিও বনোৱা হয় । থানৰ মাটি সম্পৰ্কীয়: থানৰ মাটি, থানৰ নামত ঁ সদানন্দ দাস বৈষ্ণৱ সম্পাদকৰ পৰা দাগ নং অনুসৰি গৰু বাট মৌজাৰ মাধৱ পাৰা কিছামত ১৫১ দাগৰ ১-১-১৭ গৰু বাট মৌজাৰ মাধৱ পাৰা কিছামত ২ দাগৰ ১৩-০-০ মাটি, গৰু বাট মৌজাৰ জুৰিপাৰ কিছামত ৩ দাগৰ ৬-০-৫ মাটি, গৰু বাট মৌজাৰ জুৰিপাৰ পদুমণি বিল ৬৬৪ দাগৰ ৬-১-১০ মাটি, গৰু বাট মৌজাৰ জুৰিপাৰ কিছামত ৭৮১ দাগৰ ১৩-০-০ মাটি, গৰু বাট মৌজাৰ জুৰিপাৰ কিছামত ৫০ দাগৰ ৭-৩-১৫ মাটি, মুঠ মাটি ৪৭-২-৭ মাটি আছিল । কিন্তু তাৰে ভিতৰত নিম্ন উল্লিখিত মাটিৰ তথ্য সংগ্ৰহ কৰা হৈছে । গৰু বাট মৌজাৰ মাধৱ পাৰা কিছামত ১৫১ দাগৰ ১-১-১৭ মাটি, গৰু বাট মৌজাৰ জুৰিপাৰ কিছামত ৩ দাগৰ ৬-০-৫ মাটি, গৰু বাট মৌজাৰ জুৰিপাৰ কিছামত ৭৮১ দাগৰ ১৩-০-০ মাটি, গৰু বাট মৌজাৰ জুৰিপাৰ কিছামত ৫০ দাগৰ ৭-০-১৪ মাটি, মুঠ মাটি ২৭-২-১৬ মাটি বৰপানী নদীৰ কাষত ১-২-১৭ মাটি উক্ত মাটি ৰেকৰ্ডত অন্তভূক্ত আছে । এই মাটিৰ প্ৰমাণ পত্ৰ আৰু টেষ্ট-মেপ সহ কামপুৰ চাৰ্কোল অফিচৰ পৰা সংগ্ৰহ কৰা হয় । তাৰো পৰি ১৩-০৬-২০১২ তাৰিখত কামপুৰ SDC মহোদয়ৰ জৰিয়তে কচুৱা আৰক্ষী চকীৰ সহায়ত উক্ত মাটিৰ চাৰিসীমা চমজি লোৱা হয় । আনহাতে মাধৱ পাৰা কিছামৰ ২ দাগৰ ১৯৮৯ চনৰ ছেপ্তেম্বৰ মাহতেই চেটেলমেন্টত পাছ হৈ অহাৰ এখন জাননী পোৱাৰ স্বত্বেও আজি পৰ্যন্ত সেই মাটি বিশেষ কাৰণত উলিয়াব পৰা নাই । ঠিক তেনেকৈ পদুমনি বিলৰ ৬৬৪ দাগৰ মাটি দুখৰো কোনো নথি-পত্ৰৰ প্ৰমাণ নোপোৱাত বৰ্তমানেও উলিয়াব পৰা নাই । বেদখল : বৰ্ত্তমান সীমা চমজি লোৱা ৭৮৭ দাগৰ জুৰিপাৰ কিছামত ১৩ বিঘা দাগত ১৮ ঘৰ মানুহে অবৈধ ভাৱে থানৰ মাটিত ঘৰ-বাৰি সাজি বে-দখল কৰি আছে । গণেশ ডুবিৰ গণেশ থানৰ ৫০ নং দাগৰ মাটি কোনো দুষ্কৃতিকাৰীয়ে সীমা ঠেলি থানৰ ভিতৰলৈ খুঁটা পুতি থোৱা দেখা গৈছে । পানী যোগান : থানৰ চৌহদত বিশুদ্ধ খোৱা পানীৰ যোগান বৰ্তমানেও ধৰিব পৰা হোৱা নাই । তথাপি এটি দমকলৰ সহায়ত পানীৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়ো নদীৰে সংযোগ । চৰকাৰী ভাৱে হোৱা থানৰ উন্নয়ন : ১০নং লোকসভা সমষ্টিৰ সাংসদ মাননীয় শ্ৰীযুত ৰাজেন গোহাঁই দেৱে তেখেতৰ সাংসদ পুঁজিৰ পৰা থানলৈ আগবঢ়োৱা ৭৬,০০০ টকা আগতে উল্লেখ কৰা এটি পকী শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণত ব্যয় কৰা হৈছে । ৰহা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত পীযুস হাজৰিকা দেৱে তেখেতৰ বিধায়ক পুঁজিৰ পৰা আগবঢ়োৱা ১,১০,০০০ টকাৰে আগতে উল্লেখ কৰা নামঘৰৰ দক্ষিণ ফালে ৰাস্তাৰ কাষেদি নামঘৰটো সম্পূৰ্ণ পকী বেৰ দিয়া হয় আৰু বাৰাণ্ডাখন মূল নামঘৰৰ সৈতে সংযোগ কৰি ৰাস্তাৰ কিনাৰে কিনাৰে এখন পকী দেৱাল উঠোৱা হয় । ইয়াৰ উপৰিও কিছু টকা থানৰ মাটিৰ চাৰিসীমা উলিওৱা আৰু পকী খুঁটা বনোৱাত ব্যয় কৰা হয় । জুৰি পাৰ গাওঁ পঞ্চায়তৰ পৰা থানলৈ বুলি এটি দমকল আগবঢ়াই । ব্যক্তিগত ভাৱে কৰা থানৰ উন্নয়ন: কামপুৰ নিবাসী মাননীয় শ্ৰীযুতা ৰেণু ভূঞা দেৱীয়ে আগতে উল্লেখ কৰা মাধৱ থানৰ তোৰণলৈ ২০,০০০ টকা আগবঢ়াই, ১৫,০০০ টকা আদায় দিয়ে । বৰ্তমানৰ মাধৱ থানৰ পূজাৰি শ্ৰীযুত মামূল ভূঞা দেৱে থানৰ সিংহ দুজনা মেৰামতি আৰু ৰং কৰি থানৰ উন্নয়নত সহায় কৰে । কামপুৰৰ নিবাসী মাননীয় শ্ৰীযুত প্ৰদীপ চন্দ্ৰ নাথেও জিৰণি চালিৰ ওচৰত এটি পকাৰ ঢাপ মাৰি মন্দিৰৰ উন্নয়নত অৱদান আগবঢ়াই । ৰজা আলী বঙালী বস্তিৰ নিৱাসী মাননীয় শ্ৰীযুত উদয় চৌধুৰীয়ে থানলৈ ১৮ খন তীখাৰ ডাঙৰ কাহি আগবঢ়াই । ওচৰ-চুবুৰীয়া বিহাৰী সমাজেও নতুন মণিকূটৰ কাৰণে লোহাৰৰ গীলৰ আধাখিনি অনুদান হিচাপে আগবঢ়াই । কামপুৰৰ নিৱাসী শ্ৰীযুত শৰৎ বৰা দেৱেও শিৱ খানলৈ উঠা খট-খটি বনাবলৈ ১৫০ খন ফলক আৰু এক বস্তা চিমেন্ট আগবঢ়াই । ইয়াক এতিয়াও বিশেষ কাৰণ বশতঃ কাৰ্য্যকৰী কৰিব পৰা হোৱা নাই । বৈঠালাংছুৰ বৰচালি নিবাসী শ্ৰীযুত নৰকান্ত বৰুৱা দেৱেও মাধৱ থানৰ ডবাটো মেৰামতি কৰি দিয়ে । মাননীয় শ্ৰীযুত পঙ্কজ বৰা, ধিং চৰিয়ালি নিবাসী দেৱেও থানৰ উন্নয়নৰ বাবে ১০,০০০ টকা এককালীন দান আগবঢ়াই । ইয়াৰ উপৰিও কামপুৰ নিবাসী শ্ৰীযুত কৃষ্ণৰাম শইকীয়া দেৱেও ২,০০০, পমিলা গৰঙাআটি গাঁৱৰ শ্ৰীযুত যাদৱ বৰা দেৱে ৫০০১ টকা আৰু এই অ ভাজনেও ৫০০১ চকা থানলৈ আগবঢ়াও । ইয়াৰ বাহিৰেও ১০০১, ৫০১, ৩০১, ২০১ আদি কৰি ১০ টকা পৰ্যন্ত থানৰ মণিকোট নিৰ্মাণলৈ আঞ্চলিক ভক্ত-প্ৰাণ বৈষ্ণৱ আৰু আই-মাতৃ সকলে দান আগবঢ়াই । এই দানেৰে মণিকোট আৰু আসন ভাগ বনোৱা কাৰ্য্য শেষ কৰা হয় । মুখ্য অতিথি সভা: বৰ্তমানলৈকে চাৰিখন মুখ্য অতিথি সভা আহ্বান কৰি থান উন্নয়নৰ পৰামৰ্শ লোৱা হয় । থানৰ মাটি আৰু নথিপত্ৰ সংৰক্ষণ: শ্ৰীশ্ৰী মাধৱ থানৰ পৰিচালনা সমিতিৰ এখন চৰকাৰী পঞ্জীয়ণ ভূক্ত এখন প্ৰমাণ পত্ৰ আছে কিছু কাৰণ বশত: নৱীকৰণ কৰিব পৰা হোৱা নাই । আগন্তক বৰ্ষত নৱীকৰণ কৰিব বুলি আশা কৰা হল । আনহাতে শ্ৰীশ্ৰী মাধৱ থান আৰু গণেশ থানৰ ২৭-২-১৬ মাটি প্ৰমাণ পত্ৰ আৰু নক্সা সহ চাইবাৰ জগতত (ইন্টাৰনেটত) ৰখা হয় । থানত পালন কৰা উত্সৱ সমূহঃ শ্ৰীশ্ৰী মাধৱ থানত বিশেষকৈ অশোক অষ্টমী মেলা, শংকৰ উত্সৱ, শংকৰদেৱৰ তিথি, মাধৱ দেৱৰ তিথি, জন্মাষ্টমী, শিৱৰাত্ৰি, পবিত্ৰ ভাদ মাহত আই সকলৰ নাম, ৰাস উত্সৱ, ফাকুৱা আদিয়েই প্ৰধান । এই সকলো উত্সৱ, উত্সৱ সমিতিৰ দ্বাৰা পৰিচালিত কৰা হয় । সভাপতি ক্ৰমে শ্ৰীযুত মাধৱ বৰা (সভাপতি), শ্ৰীযুত লীলা শইকীয়া (সম্পাদক) আৰু বৰ্তমানৰ সভাপতি শ্ৰীযুত নীল বৰা আৰু সম্পাদক শ্ৰীযুত লীলা শইকীয়া দেৱে । প্ৰচাৰ ক্ষেত্ৰত: শ্ৰীশ্ৰী মাধৱ থানক বিশ্বৰ দৰবাৰত প্ৰচাৰ বাবে থানৰ নামত আন্তঃজালৰ পৃষ্ঠা (ৱেবছাইট) এটিও বনোৱা হয় । এই আন্তঃজালৰ পৃষ্ঠা (ৱেবছাইট)ৰ জড়িয়তে বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা কম্পিউটাৰ, মোবাইল, লেপটপ আদিৰ সহায়ত শ্ৰীশ্ৰী মাধৱ থানৰ বিষয়ে জানিব পাৰিব লগতে থানৰ আলোকচিত্ৰ আদিও চাব পাৰিব । আন্তঃজালৰ পৃষ্ঠা টো হলঃ www.srisrimadhabthan.blogspot.in . থানৰ আন্তঃজালৰ পৃষ্ঠা বনোৱাৰ লগতে ফেচবুকৰ, টুইটাৰ, ইমেইল আদিটো প্ৰচাৰৰ পূৰ্ণ প্ৰয়াস কৰা হৈছে । ইয়াৰ উপৰিও বাতৰি কাকত, দূৰদৰ্শন, প্ৰচাৰ-পত্ৰ আদিৰে মাধৱ থানৰ প্ৰচাৰ চলোৱা হয় । আনহাতে ছাত্ৰ-ছাত্ৰী সকলে জ্ঞান জ্যোতি আঁচনিৰে আৰু থান আৰু পাহাৰৰ উপৰত প্ৰকল্প বনাই নিজ নিজ বিভাগত জমা দি প্ৰচাৰত অৰিহনা যোগাইছে । থানৰ এখন ইতিবৃত্ত কিতাপ ছপা কৰিও প্ৰচাৰ কৰা হয় । থানৰ মাহাত্ম্যঃ হাজাৰ হাজাৰ বছৰীয়া এই পৌৰাণিক শ্ৰীশ্ৰী মাধৱ থান খনিয়ে আজিও আৰ্য্য ধৰ্ম আৰু সংস্কৃতি ধ্বজা উৰুৱাই আছে । ভগৱান মাধৱৰ পদ স্পৰ্শই পৰম পবিত্ৰ মাধৱ থানৰ মাহাত্ম্যাৰ কথা কৈ অন্ত কৰিব নোৱাৰি । এই থানলৈ আহি গুৱা-পান, চাকি-বন্তি, শৰাই-শলিতা দি প্ৰাৰ্থনা কৰিলে ভগৱান মাধৱে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে । তাৰ প্ৰমাণ আমালৈ আহি আছে । মাধৱ থানলৈ আহিলে মনলৈ গভীৰ প্ৰশান্তিৰ ভাৱ আহে । সংসাৰৰ দুখ যান্ত্ৰনা আৰু ব্যস্ততাৰ পৰা কিছু সময় প্ৰকৃতিৰ শান্তি নিৰ্মল পৰিবেশত কটাবৰ বাবেও অনেক ভক্ত এই পবিত্ৰ থানলৈ আহে । বিবাহ সম্পৰ্কেঃ বিগত তিনি বছৰৰ ভিতৰত শ্ৰীশ্ৰী মাধৱ থানত ১৮ খন বিবাহ অনুষ্ঠিত হৈ যায় । এই থানত বিবাহ সম্পাদন কৰিলে দাম্পত্য জীৱন সুখ-ময় হয় বুলি প্ৰবাদ আছে । সেয়েহে অনেক লোকে এই পবিত্ৰ মাধৱ থানত বিবাহ কাৰ্য্য সম্পাদন কৰেহি । শ্ৰদ্ধা নিবেদনঃ শ্ৰীশ্ৰী মাধৱ থানত থাকি ওৰে টৌ জীৱন অতিবাহিত কৰা স্বৰ্গীয় লক্ষণ বাবা আৰু আঞ্চলিক ভক্ত বৃন্দই ওতঃপোতঃ ভাৱে দায়িত্ব লৈ পৰলোক প্ৰাপ্তি হৈছে । তেখেত সকলোলৈকে ভগৱানৰ উচৰত প্ৰাৰ্থনা কৰো যাতে তেওঁলোকৰ আত্মাই চিৰ শান্তি লাভ কৰে । থানৰ আই-ব্যয়ঃ বিগত কাৰ্যকালৰ ভিতৰত ২৬-০৩-২০১১ তাৰিখৰ পৰা ৩০-০৪-২০১৪ তাৰিখৰ লৈকে সৰ্বমুঠ জমা ৩,৩৪,৫৪৫ টকা আৰু সৰ্বমুঠ খৰচ ৩,৩৮,৯৬৬ টকা । অতিৰিক্ত ব্যয় ৪,৪২১ টকা । শলাগৰ শৰাইঃ প্ৰথমে থান পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত বিৰেণ চন্দ্ৰ বৰা দেৱ আৰু সমিতিৰ সমূহ বিষয়ববীয়া সকলোলৈ অকুণ্ঠ সহায় সহযোগীতা আৰু দিহা পৰামৰ্শ দিয়াৰ বাবে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ । ০৪-০১-২০১৪ তাৰিখে হৈ যোৱা সাধাৰণ সভাই দায়িত্ব দিয়া হিচাপ পৰীক্ষক দ্বয় শ্ৰীযুত পবিত্ৰ বৰদলৈ আৰু শ্ৰীযুত যাদৱ বৰা দেৱে বিগত তিনি বছৰৰ কাৰ্যকালৰ হিচাপ পৰীক্ষা কৰি যুগুতাই প্ৰয়োজনীয় দিহা-পৰামৰ্শ দিয়াৰ বাবে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ । এই পবিত্ৰ পৌৰাণিক বুৰঞ্জী প্ৰসিদ্ধ মাধৱ থান লৈ দান বৰঙণি আগবঢ়োৱা আৰু নিস্বাৰ্থ ভাৱে শ্ৰম ধান কৰা সমূহ ৰাইজলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ । উত্সৱ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া সকলোলৈ আমাৰ আন্তৰিক শলাগৰ শৰাই আগবঢ়ালো । থানৰ প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা বন্ধু বাহাৰুল ইছলাম (অসমীয়া প্ৰতিদিন), আনুৱাৰ হুছেইন (দৈনিক অগ্ৰদূত), তিলেশ্বৰ দাস ( ), জ্যোতি বৰা (ডি ৱাই ৩৬৫), মাননীয় প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত সভাৰাম মজুমদাৰ (দৈনিক অসম) দেৱলৈও আমাৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ । লগতে থানৰ এখন ইতিবৃত্ত উলিয়াই প্ৰচাৰ কৰা শ্ৰীযুত প্ৰমোদ বৰা দেৱ আৰু মাধৱ থানৰ চাইবাৰ জগতত (ইন্টাৰনেটত) সহায় কৰা শ্ৰীযুত মাধৱ শইকীয়ালৈ ও আমাৰ শলাগৰ শৰাই আগবঢ়ালো । কামপুৰ বৃহত্তম সচেতন মঞ্চৰ সমূহ বিষয়ববীয়া বিশেষকৈ মাননীয় শ্ৰীযুত বকুল শৰ্মা দেৱে কামপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ধীৰেণ কাকতী, ৰতিন বৰা, প্ৰমোদ বৰা, যতিন শইকীয়া, আমাৰ মাজত থাকি অপ্ৰাণ আৰু নেৰা নেপেৰা চেষ্টাত মাধৱ থানৰ মাটিৰ চাৰিসীমা উলিওৱাত সহাৰ কৰাৰ বাবে আমাৰ হিয়া ভৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কামপুৰৰ পৰা আহি মাধৱ থানৰ সভা-সমিতিত উপস্থিত থাকি সৎ দিহা পৰামৰ্শ দিয়া প্ৰাক্তন শিক্ষক শ্ৰীযুত সুধাময় দাস, শ্ৰীযুত মানিক ৰয় (RSS), চন্দন দাস (কামপুৰ নগৰ সমিতিৰ অভিযন্তা), ক্ষীৰুদ মুদৈ (অসম সাহিত্য সভা, গুৱাহাটী) দেৱলৈও সশ্ৰদ্ধ প্ৰণাম জনালোঁ । বন্ধু আব্দুল জব্বৰ (নগাঁও), শ্ৰী মুন পাঠক (কামপুৰ), শ্ৰী তাপস দেবনাথ (তিনিআলি), শ্ৰী শুখেমাই বড়ো (জে পি চি) বাইদেউৰ শলাগ নলৈ নোৱাৰিলোঁ । থানলৈ এটি শকত পুঁজি আগবঢ়াই থান খনিক কিছু উন্নত কৰাৰ দিশত নগাঁওৰ সাংসদ মাননীয় শ্ৰীযুত ৰাজেন গোহাঁই দেৱ আৰু ৰহা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত পীযুষ হাজৰিকা দেৱ লগতে কামপুৰ নগৰ সমিতিৰ সভানেত্ৰী শ্ৰীযুক্তা ৰেণু ভূঞা বৰা দেৱীলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ । কামপুৰ SDC মহোদয় আৰু কচুৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত মহোদয়ে থানৰ মাটি চাৰিসীমা উলিয়াই দিয়া, আইন-শৃংখলা অটুট ৰখাৰ ব্যৱস্থা কৰাৰ বাবে আমি চিৰ কৃতজ্ঞ । বটদ্ৰৱা সমষ্টিৰ আৰক্ষী পৰিদৰ্শক মাননীয় শ্ৰীযুত হৰিচৰণ পাঠক দেৱেও থানলৈ আহি সৎ পৰামৰ্শ আগবঢ়োৱাত আমি আনন্দিত । থানক শ্ৰম দান কৰা মিস্ত্ৰি শ্ৰী অকলা বৰা, ৰত্ন পাঠক, অৰুণ বৰা, আবু হানিফা, ডেউতি মেধী, দুলাল শইকীয়া আৰু আমাৰ লগত থাকি ওতঃপোতঃ ভাৱে সহায় কৰা শ্ৰী লীলা শইকীয়া লগতে থান পূজাৰি শ্ৰী মামূল ভূঞা দেৱক কামৰ কাৰণে বিভিন্ন সময়ত কটু কথা ক’বলগীয়া হৈছিল, তাৰ বাবেও আজি তেখেতসকলৰ উচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ । প্ৰমীলা গাওঁৰ নিবাসী শ্ৰী পদ্ম বৰদলৈ, শ্ৰী যজ্ঞেশ্বৰ বৰা, শ্ৰী শংকৰ পাঠক চিতলমাৰি মানিক বৰা, সৰুৰাম বৰা, ৰজা আলিৰ উদয় চৌধুৰী, আটি গাওঁৰ শ্ৰী নোমল বৰা, শ্ৰী ৰেব বৰা আদি কৰি পমিলা, চিতলমাৰি, ৰজা আলি গাওঁৰ যুৱকসকলে থানত শ্ৰম দান কৰি অশেষ কষ্ট কৰাৰ বাবে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিগত বৰ্ষ সমূহৰ প্ৰাক্তন সভাপতি-সম্পাদক সকললোকলৈকো আমাৰ শত কৌটি প্ৰণাম । শেহত সদৌ মাজুলীৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰীযুত জনাৰ্দন দেৱ গোস্বামী প্ৰভু আহি এই শ্ৰীশ্ৰী মাধৱ থানত পদাৰ্পণ কৰি সু-উপদেশ দিয়াৰ বাবে তেখেতলৈও আমাৰ ভক্তি পূৰ্ণ সেৱা আগবঢ়ালো । আৰু আজিৰ সমাগত “নৰনাৰায়ন ৰূপ সমস্ত” সশ্ৰদ্ধ প্ৰণামেৰে আপোনাসৱৰ ওচৰত যৎ কিঞ্চিৎ বাক্য নিবেদন কৰা হল । অজানিতে হোৱা সৰ্ব অপৰাধ নিজ কৃপাৰ গুণেৰে তুষ্ট হৈ ক্ষমা-ভিক্ষাৰ প্ৰাৰ্থনাৰে সেৱা আগবঢ়ালোঁ । সহস্ৰ সহস্ৰ আতি অপৰাধ দিন ৰাতি কৰো মই মহামূঢ় জন । আমি প্ৰভু তযু দাস আকে মানি জগৱাস ক্ষমিয়োক শ্ৰীমধুসূদন ।।
দণ্ডৱতেৰে-
আপোনাসৱৰ সেৱক,
শ্ৰী নিৰঞ্জন শইকীয়া
বিদায়ী সাধাৰণ সম্পাদক
শ্ৰীশ্ৰী মাধৱ থান, বিষ্ণু থান আৰু গণেশ থান পৰিচালনা সমিতি
তাং ০৪-০৬-২০১৪